গোৰেশ্বৰঃ সহজে ধন ঘটাৰ বিভিন্ন কৌশল প্ৰয়োগ কৰি একাংশ সহজ-সৰল লোকক নিজৰ জালত পেলাই ধন সৰকোৱা ঘটনা পুনৰ সংঘটিত হৈছে বাক্সা জিলাৰ গোৰেশ্বৰত।

গোৰেশ্বৰ থানাৰ অন্তৰ্গত সৰুফুলচ’কী গাঁৱত কম্পিউটাৰ কোৰ্চ শিকোৱাৰ নামত প্ৰবঞ্চনা কৰি ধন সৰকোৱাৰ অভিযোগত দুই যুৱকক আৰক্ষীক চমজাই দিছে ভুক্তভোগী অভিভাৱক-অভিভাৱিকাই।

কম্পিউটাৰ কোৰ্চত অন্তৰ্ভূক্ত হোৱাৰ ছয়মাহৰ পিছতে ষাঠী হাজাৰকৈ টকা দৰমহা লাভ কৰিব বুলি প্ৰলোভিত কৰি একাংশ ছাত্ৰ-ছাত্ৰীক জালত পেলাবলৈ চেষ্টা কৰা যুৱকদ্বয় সম্প্ৰতি গোৰেশ্বৰ আৰক্ষীৰ জালত ।

আৰক্ষীৰ জালত পৰা যুৱকদ্বয় ক্ৰমে ওদালগুৰি জিলাৰ নামখলাৰ হিমাংশু চহৰীয়া আৰু দৰং জিলাৰ ছিপাঝাৰৰ মৃদুল হক। উল্লেখ্য যে নিজকে এপিএলএল কম্পিউটাৰ প্ৰতিষ্ঠানটোৰ সদস্য বুলি চিনাকী দি “স্মাৰ্ট ভেলু”ৰ নামভৰ্ত্তি প্ৰ -পত্ৰ পূৰণ কৰি ধন সংগ্ৰহ কৰি আহিছিল যুৱকদ্বয়ে।

একাংশ যুৱকে বিগত কিছু দিনৰ পৰা গোৰেশ্বৰ অঞ্চলটোত মেট্ৰিক পৰীক্ষাত অৱৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী বিচাৰি ফুৰাৰ লগতে কম দিনতে অধিক উপাৰ্জন প্ৰলোভন দি চলাই আছিল এই নামভৰ্ত্তি প্ৰক্ৰিয়া।

কম্পিউটাৰৰ প্ৰাথমিক কোৰ্চৰ নামত সোতৰ হাজাৰ পাঁচশকৈ টকা আৰু স্বাস্থ্য জনিত “নুনী” নামৰ প্ৰডাক্ট লোৱাৰ নামত চৈধ্য হাজৰকৈ টকা সংগ্ৰহ কৰি আছিল যুৱকদ্বয়ে।

আনকি এজন ছাত্ৰই আন দুজনকৈ ছাত্ৰক নামভৰ্তি কৰাই দিব পাৰিলে পাচঁশ টকাকৈ কমিচন দিয়াৰ লোভ দেখুৱাইয়ো অধিক ছাত্ৰ-ছাত্ৰীক নিজৰ সংস্পৰ্শলৈ আনিছিল যুৱকদ্বয়ে।

সৰুফুলচ’কী গাঁৱৰ দিন হাজিৰা কৰা দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক তেওঁলোকে নামভৰ্ত্তি কৰিবলৈ চিনাকী হোৱাৰ দিনাই টকা আদায় দিবলৈ হেঁচা দিয়াৰ পিছত যুৱককেইজনৰ চাল -চলন আৰু কথা বতৰাত সন্দেহ উপজে অভিভাৱকসকলৰ।

আৰু পঢ়কঃভূত-বাংলালৈ পৰিণত হৈছে জামুগুৰিহাটৰ কুসুমটোলাস্থিত আঞ্চলিক কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰটো

কম দিনতে মটৰ চাইকেল লাভ কৰা , ছয় মাহৰ পিছৰে পৰা প্ৰতিমাহে ষাঠী হাজাৰকৈ টকা দৰমহাৰ চাকৰি লাভ কৰিবলৈ বুলি প্ৰলোভিত কৰাৰ পিছত একাংশ দুখীয়া পৰিয়ালৰ অভিভাৱকে সুদত টকা লৈও কম্পিউটাৰ কোৰ্চত নামভৰ্তি কৰাৰ টকা জমা দিছিল। এনেধৰণে আংশিক লকডাউনৰ সময় কম্পিউটাৰ কোৰ্চৰ নামত অধিক ধন সংগ্ৰহ কৰি থকা বিষয়টো জনাজাত হোৱাত একাংশ ছাত্ৰৰ অভিভাৱক তথা সচেতন লোকে যুৱকলকলক এই বিষয়ে সোধাপোচা কৰাৰ পিছতে সন্দেহ উপজে। কাৰণ যুৱকদ্বয়ে কম্পিউটাৰ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত থকা কোনো প্ৰমাণ পত্ৰ দেখুৱাব পৰা নাছিল।

সেয়েহে কেইবাজনো সচেতন অভিভাৱকে এই বিষয়ে গোৰেশ্বৰ থানাত এখন এজাহাৰ দাখিল কৰে। গোৰেশ্বৰ আৰক্ষীয়ে সোধপোচৰ বাবে যুৱককেইজনক আৰক্ষীৰ জিম্মাত ৰাখিছে। বৰ্তমান আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত কৰি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply