গোৰেশ্বৰঃ নিজ মাতৃৰ ফাঁচি বিচাৰি আহ্বান এজনী দহবছৰীয়া কণমানিৰ। শুনিবলৈ আচহুৱা যেন লাগিলেও বাক্সা জিলাৰ গোৰেশ্বৰত সংঘটিত হৈছে এই ঘটনা।
শিশুগৰাকীৰ মাতৃ প্ৰাৰ্থনা চৌধুৰীয়ে স্বামীৰ সম্পৰ্কীয় পেহিয়েকৰ ল’ৰা গোৰেশ্বৰৰ বেঙেনাহাটীৰ কুলদীপ শইকীয়াৰ লগত মিলি কণমানি জনিক হত্যাৰ ষড়যন্ত্ৰৰ কৰাৰ অভিযোগ।
ঘটনাৰ অনুসৰি, প্ৰায় ডেৰ বছৰ পূৰ্বে উত্তম চৌধুৰী নামৰ গোৰেশ্বৰৰ চিআৰপিএফ জোৱান জনৰ পত্নী প্ৰাৰ্থনা চৌধুৰীয়ে স্বামীৰ সম্পৰ্কীয় পেহিয়েকৰ ল’ৰা কুলদীপ শইকীয়াৰ লগত প্ৰায় ডেৰ বছৰ আগতে প্ৰেমৰসূত্ৰে দুয়োজন পলাই যায়।
পলাই যোৱাৰ পাছতে প্ৰাৰ্থনা চৌধুৰীয়ে স্বামী উত্তম চৌধুৰীৰ সম্পত্তিৰ লগতে দৰমহাৰ আধা অংশ বিচাৰি আইনৰ কাষ চাপে। তাৰ পাছতে মাহে ১২০০০ টকা স্বামী উত্তম চৌধুৰীয়ে প্ৰাৰ্থনা চৌধুৰীক দি আহিছে ইয়াৰ পাছতো প্ৰাৰ্থনা চৌধুৰীয়ে স্বামী উত্তম চৌধুৰীক আৰু অধিক সম্পত্তিৰ লগতে ধন দাবী কৰে।
লগতে পঢ়কঃগ্ৰাহকক ৰামঠগনঃকামৰূপৰ মুক্তাপুৰত পেট্ৰ’ল পাম্পৰ মিটাৰত বিসংগতি
অৱশেষত উত্তম চৌধুৰীয়ে এইসমূহ অত্যাচাৰ সহিব নোৱাৰি গোৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত স্বামী-স্ত্ৰীৰ পৰিচয় দি গুৱাহাটীৰ ছয়মাইলত ভাড়াতীয়া হিচাপে থকা প্ৰাৰ্থনা-কুলদীপক গোৰেশ্বৰ আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ সহযোগত আটক কৰে।
প্ৰাৰ্থনাৰ ১০ বছৰীয়া কণমানিজনীয়ে সাংবাদিকৰ আগত জনাই যে মাতৃয়ে প্ৰেমিক কুলদীপ শইকীয়াৰ লগত মিলি কণমানিজনীৰ হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি মন্তব্য কৰে।
মাতৃৰ ওপৰত ক্ষোভ ব্যক্ত কৰি কণমানিজনীয়ে মাতৃ প্ৰাৰ্থনা চৌধুৰী লগতে প্ৰেমিক কুলদীপ শইকীয়াৰ ফাঁচিৰ দাবী তুলে।