গোৰেশ্বৰঃশুৱাগপুৰ আৰক্ষীৰ বৃহৎ সাফল্য। বাক্সা জিলাৰ শুৱাগপুৰ আৰক্ষী চকী অন্তৰ্গত ঔবাৰী গাঁৱৰ পৰা আৰক্ষী এক অভিযান চলাই ডকাইতৰ দল কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।
ধৃত ডকাইত কেইটা ছফেদ আলী (২৭), সঞ্জয় ডেকা(২৯), হেমেন নাথ(২৮), মাৰাণ হুছেইন (৩৫)।
উল্লেখ্য যে যোৱা ১৭ মে’ ত বাঙালীপাৰাৰ অনিল চাৰচিন আৰু তেওঁৰ পেহীয়েক অণুবালা চাৰচিনৰ ঘৰত নিশা ডকাইতি কাণ্ড সংঘটিত হৈছিল।
ইয়াৰ পিছতে অনিল চাৰচিনে শুৱাগপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
আৰু পঢ়কঃযোগাযোগ বিচ্ছিন্ন হৈ পৰা তেজপুৰৰ এখন গাঁৱৰ বাসিন্দাৰ দুৰ্দশা
এজাহাৰৰ ভিত্তিত শুৱাগপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল চেট্ৰীৰ নেতৃত্বত গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱা আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়া-অসীমা কলিতাৰ সহযোগত অভিযান চলাই ডকাইতি কাণ্ডৰ সৈতে জড়িতৰ সন্দেহত তিনিজনক আটক কৰে। আটাইকেইজনৰ ঘৰ ঔবাৰী গাঁৱত বুলি জানিব পৰা গৈছে।
তিনি জনক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে যদিও ছফেদ আলী আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হয়।
ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে এটা পিষ্টল, এটা মোবাইল ফোন আৰু নগদ পাঁচহাজাৰ দুশ টকা জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে সোধাপোচাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।