গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰত অৰুণোদয় আঁচনিৰ তালিকা প্ৰস্তুত কৰণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।

জিলাখনৰ বেতনা ভিচিডিচিৰ অন্তৰ্গত ছিল্কীঝাৰ গাঁৱৰ দুখীয়া, বিধৱা আৰু অবিবাহিত মহিলাসকলৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভূক্ত নোহোৱাত ক্ষোভিত হৈ উঠিছে।

ইয়াৰ পূৰ্বেও ৰামগাওঁ আৰু হাজলাপাৰা গাওঁত অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰাত দুখীয়া লোক সকলে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটোৱাৰ পিছত এতিয়া গোৰেশ্বৰ সমষ্টিৰ কেবাটাও ভিচিডিচিৰ গাওঁ সমূহৰ শতাধিক মহিলা ওলাই আহিছে।

আৰু পঢ়কঃবৰপেটা জিলাৰ থলুৱা মিঠাতেলৰ উদ্যোগ বিকাশৰ বাবে উপায়ুক্তৰ পদক্ষেপ

ধনী তথা চাকৰি কৰা পৰিয়ালৰ মহিলাইহে অৰুণোদয় আঁচনিত নিজৰ নাম সন্নিবিষ্ট কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে ।

এই ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি এতিয়া বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ মহিলা সকলে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তদন্ত ঘোষণা কৰাৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply