গোৰেশ্বৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেৰাটে খেলত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে গোৰেশ্বৰৰ গোপছাৰ গাঁৱৰ উষাৰাণী বসুমতাৰীয়ে। তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোপছাৰ গাঁৱৰ পদ্মধৰ বসুমতাৰী আৰু ডিম্বেশ্বৰী বসুমতাৰীৰ কন্যা সন্তান উষাৰাণী বসুমতাৰীয়ে সোণৰ পদক আজুৰি আনি গাঁৱখনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

লগতে পঢ়কঃবহু কুখ্যাত অপৰাধীৰ উচটনিতেই বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল: লীনা দলে

উল্লেখ্য যে, ২১ আৰু২২ মে’ত উৰিষ্যাৰ ভূৱনেশ্বৰত অনুষ্ঠিত হোৱা ২৪তম ৱাডোকোই কেৰাটে চেম্পিয়নচিপত অংশগ্ৰহণৰ বাবে অসম দলৰ হৈ অঞ্জন বড়োৰ নেতৃত্বত গোৰেশ্বৰৰ কেৰাটে একাডেমীৰ পৰা দহ-বাৰজনীয়া এটি দল ৰাওনা হৈছিল। ৱাডোকোই কেৰাটে চেম্পিয়নশ্বিপ খেলত সুন্দৰ প্ৰদৰ্শন কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে উষাৰাণী বসুমতাৰীয়ে। লগতে গোৰেশ্বৰৰ পৰা যোৱা অসম দলৰ কেৰাটে চেম্পিয়নশ্বিপৰ কেইবাজনেও ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতে এগৰাকী ভাল খেলুৱৈ হোৱাৰ সপোন উষাৰাণী বসুমতাৰীৰ।খেলা ধূলাৰ লগতে নিজৰ পঢ়া শুনাতো মেধাৱী উষাৰাণী। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহায় সহযোগিতা পালে আগুৱাই গৈ ভাল খেলুৱৈ হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰিছে যুৱতী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply