গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰত ষ্টেটবেংকৰ এটিএমৰ পৰা টকা উলিয়াবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত এগৰাকী গ্ৰাহক।
অভিযোগ অনুসৰি গোৰেশ্বৰৰ নিবাসী অজয় শৰণীয়া নামৰ যুৱকজনে ২৭ ফেব্ৰুৱাৰী সন্ধিয়া এটিএমত টকা উলিয়াবলৈ আহে। টকা উলিওৱা প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত টকা খিনি ল’বলৈ মেচিনত স্পৰ্শ হোৱাত বিদ্যুৎস্পৃষ্ট হয়।
অৱশ্যে কি কাৰণে, কেনেকৈ বৈদ্যুতিক শ্বক লাগিবলৈ পালে সেয়া জানিব পৰা হোৱা নাই যদিও মেচিনৰ কোনো বিজুতি থকা বুলি সন্দেহ কৰা হৈছে।
এই সন্দৰ্ভত আৱগত হোৱাৰ লগে লগে বেংক কৰ্তৃপক্ষই এটিএমটো বন্ধ কৰি দিয়ে । আন হাতে কিছু দিন পূৰ্বে আন এজন ব্যক্তিৰ ক্ষেত্ৰতো এনে হৈছিল বুলি জনা যায়। মেচিনটোৰ ক্ষেত্ৰত থকা বৈদ্যুতিক বিজুতি দূৰ কৰি গ্ৰাহকক সুৰক্ষিত ভাৱে এটিএম ব্যৱহাৰ কৰাৰ সুবিধা কৰি দিয়াৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাইছে।