বাক্সাঃ বাক্সা জিলাৰ গোৰেশ্বৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোটেল, ৰেচনৰ দোকানত অভিযান চলালে খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে।
গোৰেশ্বৰৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানে বিভাগীয় কোনো অনুজ্ঞান পত্ৰ নহোৱাকৈয়ে চলাই গৈছে ব্যৱসায়।
লগতে পঢ়কঃকৃষি কৰ্মৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা মাজুলীৰ দুই শিক্ষিত যুৱকৰ
খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে অন্নপূৰ্ণা পাব্লিক মিলিং, মা সুচানী ট্ৰেদাৰ্চ, ইচা অয়েল, স্বস্তি মিষ্টি ভাণ্ডাৰ, শৰ্মা ষ্টোৰ গেলামাল আৰু মা কালি চুইট হাউচত অভিযান চলাই খাদ্যৰ নমুনা সংগ্ৰহ কৰে।
ইয়াৰে কেইবাখনো প্ৰতিষ্ঠানে আজি পৰ্যন্ত সংগ্ৰহ কৰা নাই খাদ্য সুৰক্ষাৰ অনুজ্ঞাপত্ৰ। এই সকলৰ বিৰুদ্ধে বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে খাদ্য সুৰক্ষা বিষয়াই।