গোৰেশ্বৰঃ সমাজত ড্ৰাগ্ছৰ দৰে মাৰাত্মক ভাৱে গঢ় লৈ উঠা বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ভোগপুৰস্থিত বেতনা কাউৰবাহা মিলন হাইস্কুল আৰু বেতনা কাউৰবাহা মিলন এম ই স্কুলৰ যুটিয়া উদ্যোগত বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে এক সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয়।

এই শোভাযাত্ৰাৰ মূল উদ্দেশ্য হৈছে সমাজত বাল্য বিবাহ ৰোধ কৰা।সমাজত যি ধৰণে বাল্য বিবাহে গা কৰি উঠিছে তাকে লৈ অঞ্চলটোত এক সজাগতা মূলক বাৰ্তা প্ৰেৰণ কৰে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে।

লগতে পঢ়কঃমহানগৰীত শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ মূল্যই

ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ অঞ্চলটোৰ গাঁৱে গাঁৱে গৈ বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে এক সজাগতা মূলক বাৰ্তা প্ৰেৰণ কৰে। সজাগতা মূলক শোভাযাত্ৰাত বিদ্যালয় দুখনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply