গোৰেশ্বৰঃ গোৰেশ্বৰ ৰাজ্যিক পশু চিকিৎসালয় কেন্দ্ৰত কৃত্ৰিম প্ৰজননৰ ওপৰত সজাগতা সভা। কৃত্ৰিম প্ৰজননৰ দ্বাৰা কেনেদৰে উন্নত মানদণ্ডৰ গৰু পোৱালি পাব পাৰি সেই উদ্দেশ্যেৰে সজাগতা সভাখন আয়োজিত কৰা হয়।
সজাগতা সভাত গোৰেশ্বৰ, মহৰিপাৰা,বেতনাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট গো-পালক উপস্থিত থাকে। এই সভাৰ জৰিয়তে গোপালক সকলক বিশিষ্ট চিকিৎসকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়।
কৃত্ৰিম প্ৰজননৰ সজাগতা সভাত উপস্থিত থাকে গোৰেশ্বৰ টি চি এল চি চি ৰ চেয়াৰমেন ৰমেন বড়ো, গোৰেশ্বৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ অভিজ্ঞ চিকিৎসক ডাঃ প্ৰতিম হাজৰিকা আৰু গুৰমৌ ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰিংকু ডেকা, তামুলপুৰ পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ ৰুপন বড়ো।
লগতে পঢ়কঃএনিমেল কৰিডৰ বিৰুদ্ধে প্ৰতিবাদঃ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
সজাগতা সভাৰ জৰিয়তে অঞ্চলটোৰ গো-পালকসকলে কেনেদৰে কৃত্ৰিম প্ৰজনন পদ্ধতিৰে গো লালন পালন কৰি উন্নত মানদণ্ডৰ পোৱালি জন্ম দি গাখীৰ বিক্ৰী কৰি অধিক লাভাৱন্বিত হ’ব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। গো-পালকসকলে পশুধনক কি খাদ্য দি সোনকালে ডাঙৰ-দীঘল কৰিব, কেনেদৰে অধিক গাখীৰ পাব পাৰি সেই লৈয়ো প্ৰশিক্ষণ দিয়া হয়। কৃত্ৰিম প্ৰজননৰ সজাগতা সভাত অঞ্চলটোৰ কেইবাগৰাকীও গো- পালকক পুৰষ্কৃত কৰা হয়।