গোৰেশ্বৰঃ বিশ্ব শান্তি প্ৰতিষ্ঠাৰ লগতে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰোণা মহামাৰীৰ ব্যাধি দূৰ হোৱাৰ লগতে ৰাজ্যত হিংসাত্মক ভাববোৰ দূৰ হৈ মানুহৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই অনাৰ উদ্দেশ্যৰে গাছবাৰীৰ লোক্ৰা বৰনগৰ বিষ্ণু মন্দিৰৰ প্ৰাংগণত সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অখণ্ড হৰি কীৰ্তন অনুষ্ঠান।
স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, ধৰ্মধ্বজা উত্তোলনৰ লগতে কেইবাটাও কাৰ্যসূচীৰ পাছতে মন্দিৰৰ পৰা উলিওৱা হয় এক ধৰ্মীয় ভাগৱত শোভাযাত্ৰা। এই ধৰ্মীয় ভাগৱত শোভাযাত্ৰাত অংশ লয় শিশুৰ পৰা বৃদ্ধলৈকে অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে।
লগতে পঢ়কঃলংকাৰ কাকীৰ পৰা নাবালিকা উদ্ধাৰ
শংকৰদেৱ গুৰুজনাই দি যোৱা আদৰ্শক শিৰোগত কৰি শংকৰ ধৰ্ম প্ৰচাৰ কৰাই তেওঁলোকৰ প্ৰধান উদ্দেশ্য হিচাপে লৈ বিগত ৪৭ টা বছৰ অতিক্ৰম কৰি এইবাৰো মানৱ জীৱনৰ শান্তি কামনাৰে দেশত চলি থকা মহামাৰীৰ আতংকৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে ৰাজ্যত হিংসাত্মক ভাব বোৰ দূৰ হৈ মানুহৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই অনাৰ উদ্দেশ্যৰে বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে ৪৮ তম বাৰ্ষিক অখণ্ড ভাগৱত পাঠ উদযাপন কৰিছে অঞ্চলবাসী ৰাইজে।