গোৰেশ্বৰঃ সংযুক্ত কৃষক মৰ্চা আৰু কেবাটাও বামপন্থী সংগঠনৰ আহ্বান মৰ্মে আজি ২৭ ছেপ্টেম্বৰত আহ্বান কৰা “ভাৰত বন্ধ”ৰ প্ৰভাৱ পৰিছে বাক্সা জিলাৰ গোৰেশ্বৰতো।

তিনি কৃষি আইন বাতিল কৰা, শ্ৰম সংহিতা প্ৰত্যাহাৰ কৰা, ৰাজহুৱা খণ্ডৰ বেচৰকাৰীকৰণ আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত আহ্বান কৰা হৈছে ভাৰত বন্ধ।

কেইবামাহো ৰাজধানী দিল্লীত কৃষক বিৰোধী আইন বাতিল কৰাৰ দাবীত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও আজিলৈ ভাৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। এই আন্দোলনত সমৰ্থন জনোৱা প্ৰায় ৬০০ গৰাকী কৃষকৰ ইতিমধ্যে মৃত্যু হৈছে। তাৰ পিছতো গুৰুত্ব নাই জনবিৰোধী চৰকাৰৰ।

লগতে পঢ়কঃঅসমৰ বিজ্ঞানী বিনয় কুমাৰ শইকীয়ালৈ দেশৰ সৰ্বোচ্চ বিজ্ঞান সন্মান

আনহাতে ৰাজহুৱা সম্পত্তিৰ ব্যক্তিগতকৰণ, মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তো চৰকাৰ হাত সাবটি বহি থকাৰ লগতে কেৱল পুঁজিপতিৰ স্বাৰ্থত কাম কৰি গৈছে। ইপিনে ভাৰত বন্ধৰ এই সময়ছোৱাত গোৰেশ্বৰত যানবাহন, দোকান -পোহাৰ আদি বন্ধ থকা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply