গোৰেশ্বৰ,জুলিমা ডেকাঃ তামুলপুৰ জিলাত বান পৰিস্থিতিয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। শুক্লাই নৈৰ মথাউৰি ছিগাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে মহৰিপাৰাৰ পুখুৰীপাৰ, নাথকুচিকে ধৰি বিস্তীৰ্ণ অঞ্চল। সোমবাৰে জিলাখনৰ কেইবাখনো ঠাই পৰিভ্ৰমণ কৰি বানপীড়িতৰ খবৰ লয় বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
মহৰিপাৰাৰ পুখুৰীপাৰ জোতিৰ্ময় প্ৰাথমিক বিদ্যালয়ত থকা আশ্ৰয় শিবিৰত উপস্থিত হৈ বৰ্নাত্যৰ দুখ দুৰ্দশাৰ বুজ ল’লে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।শিবিৰত থকা লোকসকলে খাদ্য সামগ্ৰীৰ নোপোৱাৰ অভিযোগ উত্থাপন কৰাত দৈমাৰীয়ে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহী বুলি অভিযোগ কৰে।
বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি জিলা উপায়ুক্তৰ লগত আলোচনা কৰি সকলো বিভাগে সকলো বিভাগত সঠিকভাৱে কাম কৰিব লাগিব বুলি মন্তব্য কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
লগতে পঢ়কঃব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে মাজুলীৰ চৰাইচাপৰিৰ পকী পথ