গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাজলপাৰা গাঁৱৰ বাসিন্দা উদয় ৰাজবংশীৰ প্ৰথম পুত্ৰ ৰামেশ্বৰ ৰাজবংশী (২৭) নামৰ যুৱকজন বিগত সাত বছৰ ধৰি সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰ লোকে জনাইছে ৷ জানিব পৰামতে, পিতৃ উদয় ৰাজবংশীৰ সৈতে ৰামেশ্বৰ ৰাজবংশীৰ সামান্য বাক-বিতণ্ডা হৈছিল ৷

কাজিয়াৰ পিছদিনা পুৱাই গোৰেশ্বৰ টাউনলৈ ওলাই আহে যদিও আজিলৈকে ঘৰলৈ ওভতি নগ’ল ৰামেশ্বৰ।

পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিও আজিলৈকে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৰামেশ্বৰৰ।

লগতে পঢ়কঃউৰুখা পঁজাতেই জীৱন নিৰ্বাহ কৰা এগৰাকী আইতাৰ কৰুণ কাহিনী

পুত্ৰৰ কোনো সন্ধান নাপাই এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালটো। কোনো মানৱ অংগ সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ পিতৃ মাতৃৰ।

সাত বছৰে পুত্ৰৰ অপেক্ষাত থকা পিতৃ-মাতৃয়ে অসম চৰকাৰ তথা প্ৰশাসনক পুত্ৰৰ সন্ধান উলিয়াবলৈ অনুৰোধ জনাইছে।

যুৱক জনৰ কোনো লোকে সন্ধান পালে গোৰেশ্বৰ আৰক্ষী অথবা ৯৮৫৯১ ০০১৯১নম্বৰত যোগাযোগ কৰিবলৈ কৰিবলৈ পৰিয়ালৰলোকে অনুৰোধ জনাইছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,783 other subscribers

Leave a comment

Leave a Reply