গোৰেশ্বৰঃ গোৰেশ্বৰৰ এজন যুৱকৰ কৰুণ গাঁথা। অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে এতিয়া বিচনাকে সংগী কৰি দিন অতিবাহিত কৰিবলগীয়া হৈছে।
তামুলপুৰ মহকুমাৰ ২ নং বগৰীখুটি গাঁৱৰ নিবাসী প্ৰয়াত পিতৃ সুৰেন্দ্ৰ মল্লিক আৰু মাতৃ মহাৰানী মল্লিকৰ দ্বিতীয় পুত্ৰ বসুৰাম মল্লিক (২৬) ব্ৰেইন টিউমাৰৰ ৰোগত আক্ৰান্ত হৈ অসহায় অৱস্থাত বিচনাতে দিন-ৰাতি একাকাৰ কৰি এক যন্ত্ৰণাকাতৰ পৰিবেশত দিন অতিবাহিত কৰিছে ৷
অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক গৰাকীয়ে প্ৰায় এবছৰ ধৰি মূৰৰ বিষ আৰু কাণৰ বিষত অসুস্থ হৈ আছিল। পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাইছিল যদিও যুৱক জনৰ কাণৰ ৰোগৰ কোনো পৰিবৰ্তন হোৱা নাছিল।
লগতে পঢ়কঃভেজাল ঔষধ বিক্ৰী কৰিবলৈ আহি জালত পৰিল দুজন
অৱশেষত পৰিয়ালৰ লোকে পুনৰ যুৱকজনক উত্তৰ গুৱাহাটাৰ জি এন আৰ চিত এম আৰ আই পৰীক্ষা কৰোৱাত এম আৰ আই ৰিপ’ৰ্টত ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হোৱাৰ কথা ধৰা পৰে। আৰ্থিক অভাৱত জুৰুলা পৰিয়ালটো এতিয়া চিকিৎসাৰ ব্যয়ৰ কথা চিন্তা কৰি হতাশাত ভুগিছে । অৰ্থৰ অভাৱত বিগত তিনি মাহে বিনা চিকিৎসাই যুৱক জনে বিচনাতে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷
উপায়হীন হৈ পৰিয়ালৰ লোকে অসম চৰকাৰ আৰু বিটিচি চৰকাৰক অনুৰোধ জনাইছে যাতে যুৱক জনৰ সু-চিকিৎসা কৰিবলৈ কিছু আৰ্থিক সাহায্য প্ৰদান কৰে ৷ লগতে কোনো হৃদয়বান লোকে অথবা দল সংগঠনে যুৱকজনৰ প্ৰতি সহানুভূতিৰে সহায় আগবঢ়ালে তলৰ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈও অনুৰোধ কৰিছে ৷ যুবকজনক সহায়ৰ বাবে ষ্টেট বেংকৰ গোৰেশ্বৰ শাখাৰ
একাউন্ট নম্বৰ- ৩৭৫৪০৭৭০১১৮
আইএফএচচি -এছবিআইএন০০১০৪১৩ ত সাহাৰ্য প্ৰদান কৰিব পাৰিব। পৰিয়ালৰ
যোগাযোগ নম্বৰ- ৭৮৯৬১২৩২৯৪, ৯৮৬৪৩৫০৫০৮।