গোৰেশ্বৰঃ একবিংশ শতিকাতো বাঁহৰ দলঙৰে বিপদসংকুল যাতায়ত ৰাইজৰ। বাক্সা জিলাৰ ২৯ নং শুক্লাই চেৰফাং সমষ্টিৰ অন্তৰ্গত মহৰিপাৰাৰ পৰা টেঙাঝাৰ সংযোগী গ্ৰাম্যপথটোত কলাজ’ল নদীৰ ওপৰত থকা বাঁহৰ দলংখনৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে গঞা ৰাইজে।

দেশে স্বাধীনতাৰ ৭৪ টা বছৰত ভৰি দিয়াৰ সময়তো উন্নয়ন সম্ভৱ নহ’ল। যাতায়তৰ দুৰ্ভোগ আজিও শেষ নহ’ল গঞা ৰাইজৰ।

লগতে পঢ়কঃএগৰাকী বহুমুখী প্ৰতিভাৰ শিল্পী যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ পদাৰ্থইয়ো

এই জৰাজীৰ্ণ বাঁহৰ দলংখনেৰে বছৰ-বছৰ ধৰি ৰাইজে বিপদসংকুল যাতায়ত কৰিব লগীয়া হৈছে।
প্ৰায় ৮০ শতাংশ কৃষিজীৱি ৰাইজে বসবাস কৰা কেবাখনো গাঁৱৰ কৃষক ৰাইজে বহু কষ্ট ভোগ কৰিছে বাঁহৰ দলংখনৰ বাবে।

বাঁহৰ দলঙৰে এম্বুলেঞ্চ যাব নোৱাৰে বাবে ৰোগীক ঠেলাৰে নিব লগীয়া হয় চিকিৎসালয়লৈ।

বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ বাবেও দুশ্চিন্তাত সময় পাৰ কৰিব লাগে অভিভাৱকে। এই দলংখনৰ ঠাইত এখন পকী দলং অতি শীঘ্ৰেই নিৰ্মাণ কৰিবলৈ শুক্লাই চেৰফাং সমষ্টিৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰী আৰু ৰঙিয়া বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক দাবী জনাইছে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply