গোৰেশ্বৰঃ বেতনা মৌজা কোঁচ-ৰাজবংশী সন্মিলনী আৰু চিলাৰায় ভৱন নিৰ্মাণ সমিতিৰ উদ্যোগত গোৰেশ্বৰৰ বৰফুকনখাতত চিলাৰায় ভৱন প্ৰাঙ্গনত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্মোৎসৱ আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।পুৱা ৯ বজাত সদৌ অসম কোঁচ-ৰাজবংশী সন্মিলনীৰ পতাকা উত্তোলন কৰে বেতনা মৌজা কোঁচ-ৰাজবংশী সন্মিলনীৰ সভাপতি জয়ৰাম দাসে। বৃক্ষৰোপন কৰে গোৰেশ্বৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৈলাশ ৰয়ে।

ইয়াৰ পিছতে চিলাৰায় ভৱনৰ চৌহদৰ দ্বাৰ মুকলি কৰে বিটিআৰৰ গোৰেশ্বৰ সমষ্টিৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োই। এই অনুষ্ঠানতে চিলাৰায়ৰ এটা আৱক্ষ মূৰ্ত্তি উন্মোচন কৰে বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে।

লগতে পঢ়কঃসোণাৰিৰ চলাপথাৰ শ্যাম গাঁৱত মাই কৌ চুম ফাই উৎসৱ পালন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply