গোৰেশ্বৰঃ ৰাজ্যত এতিয়াও হ্ৰাস হোৱা নাই কোভিডৰ সংক্ৰমণৰ হাৰ । একেদৰে বাক্সাৰ গোৰেশ্বৰতো অব্যাহত আছে কোভিডৰ সংক্ৰমণ।

শেহতীয়াভাৱে গোৰেশ্বৰৰ মুকুন্দপুৰ কাড়িপাৰা গাঁ‌ৱত শিশুকে ধৰি ১৬ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।

লগে লগে গোৰেশ্বৰৰ প্ৰশাসনে অঞ্চলটো কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে।

সংক্ৰমণৰ হাৰ হ্ৰাস নোহোৱা পৰ্যন্ত অঞ্চলটোত কণ্টেইনমেন্ট জ’ন হিচাপে ৰখা হ’ব বুলি প্ৰসাশনে জানিবলৈ দিয়ে ।

লগতে পঢ়কঃক’ভিডৰ সংক্ৰমন লৈ নিশ্চিন্ত হ’ব পৰা পৰিবেশ হোৱা নাই ৰাজ্যত

ইপিনে হঠাৎ অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগে লগে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল ।

কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ পিছত কাৰিপাৰা গাওঁবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে তেওঁলোকক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ প্ৰশাসনক আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply