গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত ঔগুৰী গাঁৱত গৰু চুৰিক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। গাওঁ খনৰ থানেশ্বৰ বড়ো নামৰ এজন লোকৰ গোহালিৰ পৰা এহাল গৰু অন্তৰ্ধানক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।
পুৱা থানেশ্বৰ বড়োয়ে গৰু হাল বিচাৰি ফুৰোতে ভোগপুৰ গাঁৱৰ পথৰ দাঁতিত চৰি থকা অৱস্থাত এটা গৰু উদ্ধাৰ কৰাৰ লগতে আনটো গৰু সন্দৰ্ভত বিচাৰ খোচাৰ আৰম্ভ কৰাত এঘৰ লোকৰ ঘৰত বিশেষ সকাম থকা হেতুকে গো- মাংস কাটি থকা কথাটো অৱগত হয় আৰু গো-মাংস কাটি থকা স্থানত তেওঁ উপস্থিত হৈ কাটি থোৱা গো-মুণ্ডটো দেখি হেৰুৱা গৰুটোৰ বুলি চিনাক্ত কৰে।
এই বিষয়ে থানেশ্বৰ বড়োয়ে গোৰেশ্বৰ থানাত খবৰ দিয়ে আৰু আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
আৰক্ষীয়ে গো -মুণ্ডটো থানেশ্বৰ বড়োৰ অভিযোগৰ ভিত্তিত বিজু আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰি থানলৈ লৈ আনে।
আৰু পঢ়কঃকামৰূপ মহানগৰৰ বেংক কৰ্মচাৰীৰ প্ৰথম পৰ্যায়ৰ প্ৰতিষেধক সম্পূৰ্ণ
ইফালে অভিযুক্তৰ পৰিয়ালে ঘটনাটো অস্বীকাৰ কৰি কাটিবলৈ অনা গৰুটো এজন ব্যৱসায়ীৰ পৰা সকামৰ বাবে গৰু ক্ৰয় কৰা বুলি সংবাদ মাধ্যমক অৱগত কৰে।
আৰক্ষীয়ে সোধপোচৰ বাবে ৰাতুল আলী নামৰ গৰু ব্যৱসায়ীজনক আটক কৰি থানালৈ আনে।
ইপিনে স্থানীয় ৰাইজে এই ঘটনাৰ সৈতে জড়িত প্ৰকৃত দোষীক কৰায়ত্ত কৰি শাস্তি বিহিবলৈ দাবী জনাইছে।