গোৰেশ্বৰঃ গোৰেশ্বৰৰ সমীপৱৰ্তী কামৰূপ গ্ৰাম্য জিলাৰ সুতাৰগাঁৱত জুইত জাহ গ’ল বিশ বিঘাকৈ ভূমিৰ ধান।

ধৈৰ্য্য দাস নামৰ এজন লোকে সৰিয়হ খেতিৰ বাবে শুকান নৰাত জুই লগাইছিল। কিন্তু হঠাৎ অহা এজাক বতাহৰ বাবে চাৰিওফালে থকা পকা ধানলৈ জুই বিয়পি পৰে ।

ঘটনাস্থলীত লগে লগে গাঁৱৰ ৰাইজ আহি অহৰহ চেষ্টা চলাই জুই নিৰ্বাপন কৰিলে যদিও বিশ বিঘাতকৈও অধিক পকা ধাননী পথাৰ জ্বলি ছাই হোৱাৰ লগতে ধৈৰ্য্য দাস নামৰ লোকজনো কিছুপৰিমানে অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত আছে।

লগতে পঢ়কঃগোৱালপাৰা জিলাৰ বলবলাৰ গধাৰবড়িত ভয়ংকৰ পথ দুৰ্ঘটনা

কৃষকৰ বাবে জীৱন জীয়াই থকাৰ সাহস খেতিডৰা এতিয়া জ্বলি যোৱা খেতিপথাৰলৈ চাই চকুলো টুকিছে পৰিয়ালৰ লোকে। চৰকাৰ তথা কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ সহায় বিছাৰিছে স্থানীয়লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply