গোৰেশ্বৰঃ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যত এতিয়া একাংশ দুশ্চিন্তাত ভুগি থকাৰ বিপৰীতে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ নাওকাটাৰ এচাম শিক্ষিত যুৱক ব্যস্ত হৈ পৰিছে কলখেতিত। বাক্সা জিলাৰ গোৰেশ্বৰৰ পূব ডেফেলী মৌজাৰ ১নং জলঠেংপাৰা গাওঁৰ একাংশ যুৱক এতিয়া নামি পৰিছে কলখেতিত।
“কৃষি এক সেউজ যাত্ৰা” নামেৰে এটি গোট গঠন কৰি পাঁচ যুৱকে এতিয়া প্ৰকৃতাৰ্থত সেউজ যাত্ৰা আৰম্ভ কৰিছে। গাওঁখনৰ প্ৰদীপ ডেকা, চন্দন কাকতি, জগদীশ শৰ্মা,দীনেশ কুমাৰ আৰু প্ৰণৱ শৰ্মাই এতিয়া প্ৰায় ৫০ বিঘা ভূমিত কল খেতিৰ জৰিয়তে নাওকাটাৰে নহয় সমগ্ৰ জিলাখনৰে আদৰ্শ হৈ পৰিছে।
উল্লেখযোগ্য যে, কেৱল গুৱাহাটী মহানগৰীলৈ এই অঞ্চলৰ কলৰ খেতিয়কে যোগান ধৰি আছে প্ৰায় ষাঠী শতাংশৰো অধিক মালভোগ কল । যিসময়ত চাকৰি বিচাৰি একাংশই হাবাথুৰি খাইছে সেই সময়ত প্ৰদীপ, চন্দনহঁতৰ দৰে যুৱকে ঘৰতে হতাশ মনে বহি নাথাকি এই দৰে মালভোগৰ কলৰ খেতিত ব্যস্ত হৈ পৰিছে।
মূল্যবৃদ্ধিৰ সৈতে যুঁজ দিবলৈও এইদৰে তেওঁলোক ব্যস্ত হৈ পৰে। আনহাতে কৃষিকৰ্ম নকৰা বাবে বৰ্তমান সকলো খাদ্য সামগ্ৰী বাহিৰৰ ৰাজ্যৰ পৰা আনিবলগীয়া হোৱা বাবে মূল্যবৃদ্ধি হোৱা বুলি তেওঁলোকে অনুভৱ কৰে সেয়েহে এইবেলি সৰিয়হ খেতি কৰিবলৈও প্ৰস্তুত হৈ পৰিছে তেওঁলোকে।
লগতে পঢ়কঃলাহৰীঘাটত আৰক্ষীৰ অভিযানত জব্দ ২৯ লাখ টকা
গাওঁখনত প্ৰায় ১৫০ জনতকৈ অধিক খেতিয়কে খেতি কৰিছে মালভোগ কলৰ। পৰম্পৰাগত ধান বা অন্য খেতি বাদ দি একোজন খেতিয়কে লাভজনক এই খেতি কৰিছে ।
কলখেতিৰ জৰিয়তে সমগ্ৰ জিলাখনতে এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হোৱা এইসকল কৃষকে কিন্তু আজিকোপতি মুখ দেখা নাই স্থানীয় কৃষি বিষয়া কিম্বা গ্ৰাম সেৱকক।
চৰকাৰীভাৱে কোনো সহযোগিতালৈ বাট নোচোৱা এই সকল উদ্যমী যুৱকে লাভ কৰা নাই স্থানীয় জনপ্ৰতিনিধিৰ ফালৰপৰাও কোনো সহাঁৰি। নাওকাটাৰ কলৰ খেতিয়ক সকলক পৰ্যাপ্ত সহায় চৰকাৰে আগবঢ়ালে কলখেতিয়ক সকলৰ লগতে সমগ্ৰ বিটিএডি অঞ্চলৰ বাবে এক কল্যাণকাৰী পদক্ষেপ হ’ব।