গোৰেশ্বৰঃ বাক্সা জিলা শিক্ষা পৰিমণ্ডলৰ জিলা বিদ্যালয়সমূহে নিজৰ খেয়ালখুচিত মতে বিদ্যালয় পৰিচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৫৯জনী ভুৱা ছাত্ৰীৰ সংখ্যা দেখুৱাই ধন আত্মসাৎ কৰা, মধ্যাহ্ন ভোজনৰ বিপৰীতে আবণ্টিত ধনকে ধৰি বিভিন্ন শিতানত বিদ্যালয়ৰ উন্নয়নৰ বাবে আবণ্টিত ধন ভুৱা নথিপত্ৰৰে আত্মসাৎ আৰু প্ৰায়ে সহকৰ্মীক দুব্যৱহাৰৰ লগতে বিভিন্ন ধৰণৰ ভাবুকি দিয়া, প্ৰধান শিক্ষয়িত্ৰীৰ গাফিলতিৰ বাবে ছাত্ৰীয়ে চৰকাৰী জলপানী, বিনামূলীয়া বাইচাইকেল, স্কুলবেগ পোৱাৰ পৰা বঞ্চিত হোৱা আদিকে ধৰি বহুকেইটা অভিযোগ উত্থাপন কৰিছে পৰিচালনা সমিতি,অভিভাৱক সমাজ তথা শুভাকাংক্ষী ৰাইজে।

ইফালে বিদ্যালয়খনৰ কদৰ্যময় পৰিবেশত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে। বিদ্যালয়খনত খোৱা পানীৰো নাই সুব্যৱস্থা।

পৰিচালনা সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ নাথৰ অভিযোগ মতে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে বিদ্যালয় পৰিচালনা সমিতিকো কেৰেপ নকৰি নিজৰ মইমতালিত বিদ্যালয়লৈ আহ-যাহ কৰে।

এই সন্দৰ্ভত শীঘ্ৰেই প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে ৰাইজে উত্থাপন কৰা অভিযোগসমূহ উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।অন্যথা অভিভাৱক সমাজ,স্থানীয় ৰাইজে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply