গোৰেশ্বৰঃ বিগত বৰ্ষত কৰ’না মহামাৰীৰ বাবে ৰঙালী বিহু ভালদৰে উদযাপন কৰিব নোৱাৰিলে। এইবাৰ ৰঙালী বিহু পালন কৰাৰ বাবে প্ৰতিজন অসমীয়াই আগ্ৰহৰে বাট চাইছে। ব্যস্ততাৰ অন্ত নোহোৱা হৈছে বিহু নাচনী-ঢুলীয়াৰ পৰা আৰম্ভ কৰি ঢোল নিৰ্মাণ কৰা শিল্পীলৈকে।
তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ঢোল নিৰ্মাণ কৰা শিল্পীসকলো এতিয়া সাজু বিহু দলসমূহৰ হাতত ঢোল, খাম আদি বিভিন্ন বাদ্য তুলি দিবলৈ। দিনে নিশাই এতিয়া এনেদেৰে বাদ্য মেৰামতি আৰু নতুন বাদ্য সজাত ব্যস্ত হৈ পৰিছে শিল্পীসকল। কিন্তু বিগত বৰ্ষৰ দৰে এইবাৰ যাতে চৰকাৰে লকডাউন দিব লগা পৰিস্থিতিৰ নহয় তাকে কামনা কৰিছে সকলোৱে। কিয়নো জীৱন-জীৱিকাৰ বাবে একমাত্ৰ সম্বল এই শিল্পটো যোৱাবাৰ লকডাউনৰ বাবে বাধাগ্ৰস্থ হোৱাটো নিবিচাৰে এইসকল খাটি খোৱা শিল্পীয়ে।পূৰ্বৰ তুলনাত এইবাৰ হেঁপাহৰ বিহুটিক লৈ যথেষ্ট আশাবাদী ঢোল নিৰ্মাণ কৰা শিল্পীসকল।