গোৰেশ্বৰঃ ৰঙিয়া বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত গোৰেশ্বৰৰ ৩ নং ৱাৰ্ডৰ বৰফুকনখাতত বিদ্যুৎ বিভাগে পাতিছে মৰণফাণ্ড।
যিসময়ত শক্তি বিভাগে বিদ্যুৎ বিল নিদিলে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনকে ধৰি বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে সেই সময়তে শক্তি বিভাগৰ হেমাহিৰ ফলত আজি পোন্ধৰ বছৰে গোৰেশ্বৰ চহৰৰ বৰফুকনখাতত বৈদ্যুতিক তাঁৰ সমূহ অতি বিপদজনক ভাৱে মাটিৰ পৰা মাথোঁ সাত ফুট উচ্চতাত ওলমি থকাত যিকোনো মুহূৰ্ততে বিপদ হ’ব পাৰে বুলি শংকা প্ৰকাশ কৰিছে ৰাইজে।
আৰু পঢ়কঃকিদৰে অসমৰ ভিতৰুৱা অঞ্চলত কম খৰচি আৰু সুস্থিৰ সৌৰ শক্তিয়ে বহুজনক জীৱন-দান দিছে
বৈদ্যুতিক খুটা সমূহো জৰাজীৰ্ণ হৈ থকাত ভাঙি পৰাৰ ভয়ত প্ৰতি মুহূৰ্ততে শংকিত হৈ আছে ৰাইজ।
আনকি বহু পুৰণি টেলিফোন বিভাগৰ খুটাৰেও বিদ্যুৎ পৰিবাহী তাঁৰ এই অঞ্চলটোত ওলমি থকা দেখা গৈছে।
ৰাইজে বাৰে বাৰে বিদ্যুৎ বিভাগক অনুৰোধ জনাইও সুফল পোৱা নাই। সেয়েহে অতি শীঘ্ৰেই কোনো বিপদ সংঘটিত নহোৱাৰ পূৰ্বে এই বিপদজনক তাঁৰ আৰু খুটা সমূহ মেৰামতি কৰিবলৈ দাবী জনাইছে ৰাইজে।