গোৰেশ্বৰঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ গোৰেশ্বৰৰ দেউচুঙাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷

বন্যহস্তীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে নিশা অঞ্চলটোত উপদ্ৰৱ চলাই এটা পৰিয়ালৰ দুটাকৈ বাসগৃহ ভাঙি তচনচ কৰে ।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বন্যহস্তীয়ে বৃহত্তৰ অঞ্চলটোত উপদ্ৰৱ চলাই দেউচুঙা মাজৰ চুৱাৰ অকলশৰীয়া মহিলা দুৱৰী বড়োৰ আৱাস গৃহৰ লগতে আচবাব ক্ষতিসাধন কৰে৷ লগতে ভড়ালৰ ধান-চাউলকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী আৰু আচবাব বিনষ্ট কৰে।

লগতে পঢ়কঃঅগ্নিকাণ্ডত ১২ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি ভস্মীভূত

ইপিনে, বৃহত্তৰ অঞ্চলটোত নিশা হ’লেই বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই আহিছে যদিও হাতীৰ জাক খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ।

বিভাগটোৰ হেমাহিৰ বাবে এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাইজে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply