গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰামপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পৰা ৫০০০টকা উৎকোচ লৈ থকা সময়তে হাতে লোটে ধৰা পৰিল মুচা হক নামৰ মুখ্য অভিযন্তাজন। দীৰ্ঘদিন ধৰি অভিযন্তা গৰাকীয়ে গোৰেশ্বৰ অঞ্চলৰ বিদ্যালয় সমূহৰ পৰা বিভিন্ন ভয় ভাবুকিৰে ধন সংগ্ৰহ কৰি আহিছিল। আজিও বহুকেইখন বিদ্যালয়ৰ পৰা ধন সংগ্ৰহ কৰিছিল অভিযন্তাজনে। বিদ্যালয় সমূহলৈ অহা প্ৰতিটো চৰকাৰী অনুদানৰ বাবদ অভিযন্তা গৰাকীক দিবলগীয়া হৈ আছিল বৃহৎ পৰিমাণৰ ধন। এই বিষয়টোকলৈ অঞ্চলটোৰ শিক্ষকসকল অতিষ্ঠ হৈ এক পৰিকল্পনা কৰি অভিযন্তা গৰাকীক হাতে লোটে ধৰি গোৰেশ্বৰ আৰক্ষীক গতাই দিয়ে।

লগতে পঢ়কঃডিগবৈ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ কাষত এটা বাচনৰ ভিতৰত বোমা উদ্ধাৰ

বিগত সময়ত গোৰেশ্বৰৰ কেইবাগৰাকী চি আৰ চি চি য়ে শিক্ষা বিভাগৰ জিলা পৰ্য্যায়ৰ সভাত অভিযন্তা গৰাকীৰ বিৰুদ্ধে অভিযোগ দিয়ো একো সুফল পোৱা নাছিল। এতিয়া বিষয়া গৰাকীৰ ওপৰত চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যনীয় হৈ পৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply