গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বেটাগাওঁত প্ৰতিবছৰে বানে তাণ্ডৱ চলাই আহিছে। এইবাৰো পুনৰ শংকিত হৈ আছে নৈপৰীয়া ৰাইজ।

উল্লেখ্য যে বিগত ২০১৬ চনৰে পৰাই এই অঞ্চলটোত পুঠিমাৰী নৈয়ে বানৰ বিভীষিকাৰ সৃষ্টি কৰি আহিছে। বহু পৰিয়ালৰ ঘৰ -মাটি -ভেটিৰ লগতে শ-শ হেক্টৰ বিঘা মাটি পুঠিমাৰী নদীৰ বুকুত জাহ গৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত শেহতীয়া ভাৱে যোৱা দুই মাহ পূৰ্বে বিভাগে এক কোটি ছয় লাখ টকা ব্যয় সাপেক্ষ এই অঞ্চলটোত মাত্ৰ দুহেজাৰ পাৰ্কুপাইনৰ ব্যৱস্থা কৰিছে যাক লৈ স্থানীয় ৰাইজ সন্তুষ্ট নহয়।

আৰু পঢ়কঃদক্ষিণ শালমাৰা-মানকাচৰত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

এই পাৰ্কুপাইনে কোনো ধৰণে প্ৰবল বানপানীক ৰোধ কৰিব নোৱাৰিব আৰু সমষ্ট যতন উচুৱাই লৈ যাব বুলি শংকা প্ৰকাশ কৰিছে ৰাইজে। পুনৰ প্ৰবল গৰাখহনীয়াই অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিব বুলি নৈপৰীয়া ৰাইজ চিন্তিত হৈ আছে।

এই ক্ষেত্ৰত মথাউৰি নিৰ্মাণৰ দাবী ৰাইজে জনাইছিল যদিও বিটিচিৰ লগতে ৰাজ্যৰ জলসম্পদ বিভাগে বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই। সেয়েহে বানবিধ্বস্থ এই সমূহ অঞ্চল পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বেটাগাওঁৰ নৈপৰীয়া ৰাইজে জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকালৈ অনুৰোধ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply