গোৰেশ্বৰঃ তামুলপুৰ জিলা গোৰেশ্বৰ মহাবিদ্যালয়ত ঘটিল এক আজৱ কাণ্ড। সম্পূৰ্ণ ৯ দিনৰ মূৰত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক জমা দিলে পৰীক্ষাৰ উত্তৰ বহী। অধ্যাপকৰ চকুত ধূলি মাৰি পৰীক্ষা হলত পৰীক্ষা বহী জমা নিদিয়াকৈ ঘৰতে উত্তৰ বহী লিখি আনি সম্পূৰ্ণ ৯ দিনৰ মূৰত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ হাতত উত্তৰ বহী জমা দিয়াক কেন্দ্ৰ কৰি এতিয়া তোলপাৰ লাগিছে সমগ্ৰ গোৰেশ্বৰত।

উল্লেখ্য যে, ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ আমূল পৰিৱৰ্তন অনাৰ বাবে ন ন কৌশল অৱলম্বন কৰি অহাৰ সময়তে একাংশ বিদ্যালয়ৰ শিক্ষক তথা মহাবিদ্যালয়ৰ প্ৰবক্তাৰ কাণ্ডজ্ঞানহীনতাৰ বাবে গোটেই শিক্ষা সমাজত বাৰে বাৰে লজ্জানত হৈ আহিবলগীয়া হোৱাৰ সময়তে গোৰেশ্বৰ মহাবিদ্যালয়ত চলি থকা স্নাতক বৰ্ষৰ পৰীক্ষাত চাৰিজনকৈ প্ৰবক্তাই পৰীক্ষা নিৰীক্ষকৰ দায়িত্বত থকাৰ পিছতো কেনেকৈ তৃতীয় ষাণ্মাষিকৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষা বহী জমা নিদিয়াকৈ ঘৰতে লিখি অনাৰ সুযোগ পালে তাক লৈ এতিয়া সকলোৰে মাজত প্ৰশ্ন উত্থাপন হৈছে।

জানিব পৰা মতে, মহাবিদ্যালয়খনত যোৱা মাহৰ ১২ তাৰিখৰ পৰা আৰম্ভ হৈছিল স্নাতক বৰ্ষৰ পৰীক্ষা। সেই অনুসৰি যোৱা ২৩ তাৰিখে মহাবিদ্যালয়খনৰ ৩ নং হ’লত স্নাতক বৰ্ষৰ তৃতীয় ষাণ্মাষিকৰ শিক্ষা বিষয়ৰ পৰীক্ষা চলি আছিল। পৰীক্ষা হ’লত ১০০ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে চাৰি গৰাকীকৈ প্ৰবক্তাই পৰীক্ষা নিৰীক্ষকৰ দায়িত্বত আছিল।

কিন্তু যোৱাকালি তৃতীয় ষাণ্মাষিকৰ পৰীক্ষা সামৰণি হোৱাৰ পিছত এগৰাকী ছাত্ৰীয়ে অধ্যক্ষৰ কোঠাত গৈ ২৩ তাৰিখৰ শিক্ষা বিষয়ৰ পৰীক্ষাৰ বহী পৰীক্ষাৰ তত্বাৱধায়ক বিষয়াৰ দায়িত্বত থকা (S O External ) ড০ কুসুম গোস্বামীৰ হাতত জমা দিয়াত বিষয়া গৰাকী হতবম্ব হৈ পৰে। লগে লগে বিষয়া গৰাকীয়ে ছাত্ৰী গৰাকীক এই বিষয়ত সোধাত ছাত্ৰী গৰাকীয়ে যোৱা ২৩ তাৰিখৰ বহীখন জমা দিয়া নাছিল বুলি কয়। অৱশ্যে ছাত্ৰী গৰাকীক তত্বাৱধায়ক বিষয়া ড০ কুসুম গোস্বামীয়ে লগে লগে বহিষ্কাৰ কৰা বুলি জানিবলৈ দিয়ে। অধ্যাপকৰ কাণ্ডজ্ঞানহীনৰ বাবে এগৰাকী ছাত্ৰীয়ে চাৰিগৰাকীকৈ বিজ্ঞান শাখাৰ অধ্যাপকৰ চকুত ধূলি মাৰি ঘৰতে প্ৰশ্নোত্তোৰ লিখি আনি ৯ দিনৰ মূৰত বহী জমা দিয়া ঘটনাই এতিয়া সৰ্বতে চৰ্চিত হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply