গোৰেশ্বৰঃ ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। বিগত বৰ্ষত কোভিড মহামাৰীৰ বাবে পৰীক্ষা অনুষ্ঠিত ন’হল যদিও এইবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাত পৰীক্ষাৰ্থী সকলৰ লগতে অভিভাৱক সকল উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। তামুলপুৰ জিলাৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ লগতে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোৰেশ্বৰ মহাবিদ্যালয়ত উৎসাহ মনেৰে পৰীক্ষা দিবলৈ আহিছে পৰীক্ষাৰ্থী সকলে।
পৰীক্ষা কেন্দ্ৰত যাতে কোনোধৰণৰ বেমেজালি নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত বিশেষ ভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষাৰ আৰম্ভনিৰ দিনটোত গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে জিলাখনৰ প্ৰায়বোৰ পৰীক্ষা কেন্দ্ৰতে শান্তিপূৰ্ণ ভাবে পৰীক্ষা অনুষ্ঠিত হৈ যায়।