গোৰেশ্বৰ,জুলিমা ডেকাঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ পূব ডেফেলী মৌজাৰ নাওকাটাৰ ১নং জলঠেংপাৰা গাঁৱত বানে বিধ্বস্ত কৰিলে ২০ বিঘাৰো অধিক কলখেতি। নাওকাটাৰ পাঁচজনকৈ যুৱক প্ৰদীপ ডেকা, চন্দন কাকতি, জগদীশ শৰ্মা, দীনেশ কুমাৰ আৰু প্ৰণৱ শৰ্মাই প্ৰায় ৫০ বিঘা ভূমিত আৰম্ভ কৰিছিল কলখেতি। কিন্তু তাৰে ২০ বিঘাৰো অধিক কলখেতি বানে বিধ্বস্ত কৰি পেলায়। অৱশেষত উপায়ন্তৰ হৈ মূৰে-কপালে হাত দিব লগীয়া হৈছে যুৱককেইজনে।

লগতে পঢ়কঃমন্ত্ৰী অতুল বৰাৰ কনভয়ৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত

উল্লেখ্য যে, গুৱাহাটী মহানগৰীলৈ এই অঞ্চলৰ কলৰ খেতিয়কে যোগান ধৰি আছিল প্ৰায় ষাঠী শতাংশৰো অধিক মালভোগ কল। এইদৰে বানত ক্ষতিসাধন হোৱাত চিন্তিত হৈ পৰিছে কলখেতিয়ক সকল। কিয়নো ঋণ লৈ কল খেতি কৰিছিল এইসকল যুৱকে। ২০ বিঘাৰ প্ৰায় ৭ বিঘা কলখেতি নদীত জাহ যোৱাৰ উপৰিও ১৩ বিঘাৰো অধিক কলখেতি বানে পুতি পেলায় ফলত নষ্ট হ’বলৈ আৰম্ভ কৰিছে কলগছ বোৰ। সেয়েহে হতাশাত ভুগিছে এতিয়া কল খেতিয়ক সকল। বিপাঙত পৰি স্থানীয় জনপ্ৰতিনিধিক সহায়ৰ আহ্বান জনাইছে যুৱককেইজনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply