গোৰেশ্বৰঃ বাক্সা জিলাৰ নাওকাটাৰ ডাবোখিলা খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হোৱা প্ৰথম কেন্দ্ৰীয় ‘বুদ্দাই মেদায়’ মহোৎসৱৰ সফল সামৰণি পৰে। প্ৰথম বাৰৰ বাবে ডাবোখিলাত কেন্দ্ৰীয়ভাৱে বুদ্দায় মেদাই মহোৎসৱৰ উদযাপনত জনগোষ্ঠীটোৰ লোকসকলৰ মাজত বিশেষ উৎসাহ দেখা গৈছে।

নিখিল বৰ্মন কছাৰী ‘বুদ্দাই মেদায়’ কেন্দ্ৰীয় পূজা সমিতি, নিখিল বৰ্মন কচাৰী ছাত্ৰ সন্থা , বৰ্মন কছাৰী পৰিষদ আৰু বৰ্মন কছাৰী মহিলা পৰিষদৰ যৌথ উদ্যোগত ডাবোখিলা খেল পথাৰত প্ৰথম কেন্দ্ৰীয় ‘বুদ্দাই মেদায়’ মহোৎসৱৰ অনুষ্ঠিত কৰা হৈছে।

দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা “বুদ্দায় মেদাই” পূজাত অসমৰ ১৪ খন জিলাৰ বৰ্মন কছাৰী জনগোষ্ঠীয় প্ৰতিনিধিসকল উপস্থিত থাকে। ইপিনে অন্তিম দিনটোত আয়োজিত কাৰ্যসূচী মৰ্মে পুৱা যোগাসন, স্বচ্ছ ভাৰত অভিযান আয়োজিত হয়।

পুৱা ৮ বজাত নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰ্মন আৰু নিখিল বৰ্মন কছাৰী ‘বুদ্দাই মেদায়’ পূজা সমিতিৰ সভাপতি মন্টু বৰ্মনে। ৯ বজাত স্মৃতি তৰ্পন কৰে সদৌ অসম ট্ৰাইবেল সংঘ , কামৰূপ মেট্ৰ’ৰ উপসভাপতি অনিল বৰ্মনে। বৃক্ষৰোপন কৰে ইন্দিৰাগান্ধী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিপেন বৰ্মনে। দিনৰ বাৰ বজাত স্মৃতি গ্ৰন্থ “মেদায়” উন্মোচন কৰে শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ সভাপতি সোণবৰ বৰুৱাই।

নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰ্মনে সভাপতিত্ব কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োই। ভাষণত তেওঁ কয় যে এটা জাতি আগুৱাই নিবলৈ হ’লে জাতিটোৰ বাবে কাম কৰা কিছু লোকৰ সৃষ্টি হ’ব লাগিব। সেয়েহে বৰ্মন কছাৰী ছাত্ৰ-সন্থাৰ লগতে সহযোগী সংগঠন সমূহে জাতিটোৰ হৈ কাম কৰিব পৰা ভাল মানুহ তৈয়াৰ কৰিব লাগিব।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অন্তিম দিনৰ কাৰ্যসূচীৰ মুকলি সভাত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে।

সভাত অসম জনজাতি অনুসুচীত জাতি গৱেষণা প্ৰতিষ্ঠান গৱেষণা বিষয়া ড° অসীম বৰা, শৰণীয়া কচাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়া, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নিপেন খাণ্ডা, সাংবাদিক,সাহিত্যক ড০ বাবু ৰাভা হাকাচাম, সদৌ অসম গৰীয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ সম্পাদক ফজলুল কৰিম হাজৰিকা, নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মতিলাল বৰ্মন, বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ মেঘালয়ৰ সভাপতি চয়ন বৰ্মন , বিষয় শিক্ষক নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গংগা প্ৰসাদ আচাৰ্যকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংস্কৃতি সন্ধিয়াৰ উন্মোচন কৰে বিটিচি প্ৰাক্তন ইএম গণেশ কছাৰীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply