গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত গোৰেশ্বৰ চহৰৰ বজাৰ ৰোডত শনিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। গোৰেশ্বৰ বজাৰ ৰোডৰ ভগীৰথ পাটগিৰীৰ মালিকনাধীন ভাড়াতীয়া ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
স্থানীয় বাসিন্দাৰ মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত প্ৰথমে আশুতোষ ৰায় নামৰ লোকজনৰ দোকানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। আনহাতে এটি চিলিণ্ডাৰ বিস্ফোৰিত হোৱাত অগ্নিকাণ্ডই ভয়াবহ ৰূপ লয়। ইয়াৰ ফলত নিমিষতে জুইৰ লেলিহান শিখাই চাৰিখনকৈ দোকানক আগুৰি ধৰে। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে গোৰেশ্বৰ অগ্নিনিৰ্বাপক বাহিনীৰ লগতে গোৰেশ্বৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অগ্নিকাণ্ড নিয়ন্ত্ৰিত কৰিবলৈ চেষ্টা কৰে। খৈৰাবাৰী আৰু বাইহাটা চাৰিআলিৰ পৰাও একোখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিয়ন্ত্ৰণ কৰে। গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাই নিজেই জুই নিয়ন্ত্ৰণ কৰাৰ লগতে উদ্ধাৰ কাৰ্যত ব্ৰতী হয়। আনহাতে ঘন জনবসতিপূৰ্ণ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰে পৰিপূৰ্ণ এলেকাটোত কোনো লোকৰে ক্ষতিসাধন হোৱা নাই যদিও কেইবা লক্ষাধিক টকাৰ বাচন-বৰ্তন আৰু সা-সামগ্ৰী জুইত জাহ যায়।