গোৰেশ্বৰঃ গোৰেশ্বৰৰ সমীপৰ গাছবাৰীত ভয়ংকৰ অগ্নিকাণ্ড।

গোৰেশ্বৰৰ সমীপৱৰ্তী কামৰূপ গ্ৰাম্য জিলাৰ গাছবাৰী বৰডাঙেৰিকুচীত জুইত জাহ গ’ল তিনিটাকৈ বাসগৃহ।

ছাইদুল আলী নামৰ লোকজনৰ বাসগৃহত চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ।

লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ সমষ্টিতে ড্ৰাগছ, নিসিদ্ধ জগতৰ ভয়াবহ ছবি

এই অগ্নিকাণ্ডৰ জুই ক্ৰমে ইমতাজুল হক, মহম্মদ মজবুল হক আৰু মহম্মদ মইনুল হক নামৰ লোককেইজনৰ বাসগৃহলৈ বিয়পি পৰে।

অগ্নিকাণ্ডত প্ৰায় ৮-৯ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়।

স্থানীয় লোকে আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহনে অহৰহ চেষ্টা চলাই অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply