গোৰেশ্বৰঃ ৰাজ্যৰ সমান্তৰালভাৱে তামুলপুৰ জিলাৰ গোৰেশ্বৰতো বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। বৃহস্পতিবাৰে নিশা মাদলবাৰীত শুক্লাই নৈৰ মথাউৰি চিঙি গোৰেশ্বৰ অঞ্চলৰ কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে। লগতে কেইবাটাও গড়কাপ্তানি পথৰ ওপৰেৰে পানী বাগৰি যাতায়ত স্তব্ধ হৈ পৰিছে।
লগতে পঢ়কঃবানৰ কবলত দৰং জিলাৰ বিভিন্ন অঞ্চল
নাওকাটা-তামুলপুৰ সংযোগী পথ, গান্ধীচ’ক-চেনীগাঁও সংযোগী পথ, গোৰেশ্বৰ-আন্ধেৰিঘাট সংযোগী পথ, গোৰেশ্বৰ-খৈৰাবাৰী সংযোগী পথকে আদি কৰি বহুকেইটা গড়কাপ্তানি পথ ইতিমধ্যে সম্পূৰ্ণৰূপে যাতায়াত স্তব্ধ হৈ পৰিছে। ইপিনে গোৰেশ্বৰ চহৰৰ আটাইকেইটা ৱাৰ্ডৰ লগতে ৰামছা, ভোগপুৰ, গেৰুৱা, গাৰোগাঁও, মাদলবাৰী, নিজ-কুছলা, খৈৰাবৰী, চেনীগাঁও, নিঝাৰগাঁৱকে আদি কৰি ২০খনৰো অধিক গাঁৱৰ শ-শ পৰিয়াল জলবন্দী হৈ পৰিছে। ইপিনে গোৰেশ্বৰত বানপানীৰ ফলত তিনিদিন ধৰি বিদু্ৎ সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে।