গোৰেশ্বৰঃ ৰাজ্যৰ শেহতীয়া বানে বিভিন্ন স্থানৰ সমান্তৰালভাৱে তামুলপুৰ জিলাৰ গোৰেশ্বৰতো বিস্তৰ ক্ষতিসাধন কৰিছিল। গোৰেশ্বৰৰ কেইবাখনো ৰাজহ গাঁ‌ৱৰ শ-শ পৰিয়ালৰ লোকে নিজৰ ঘৰ-মাটি হেৰুৱাই সৰ্বহাৰা হোৱা পৰিলক্ষিত হৈছে। এনে সময়তে ৰাজ্য চৰকাৰে অলপতে বানপীড়িত লোকসকলক পুনৰ সংস্থাপনৰ বাবে প্ৰতিটো পৰিয়াললৈ ৯৫হাজাৰকৈ টকাৰ আৰ্থিক অনুদান মুকলি কৰি দিয়ে।

কিন্তু লক্ষণীয়ভাৱে এই অনুদান লাভৰ পৰা বঞ্চিত হৈছে বহু প্ৰকৃত বানপীড়িত পৰিয়াল। বানপীড়িত ৰাইজৰ তথ্য সংগ্ৰহৰ দায়িত্বত থকা মণ্ডল আৰি গাঁ‌ওবুঢ়াই স্বজন-তোষণ নীতিৰে হিতাধিকাৰিৰ তালিকা প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপিত কৰিছে বহু বানপিড়িত পৰিয়ালৰ লোকে।

মঙলবাৰে গোৰেশ্বৰৰ নিজ-কাউৰবাহাৰ কেইবাটাও বঞ্চিত পৰিয়ালৰ লোকে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াৰ আগত ক্ষোভ প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply