গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বাঙালীপাৰাত কেইবাদিনো ধৰি পৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে বানপানীৰ। ভূটানৰ পৰা বৈ অহা দেউচুঙা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে গোৰেশ্বৰৰ বিস্তৃত অঞ্চল।গোৰেশ্বৰৰ মহৰিপাৰা, নাওকাটা, সুৱাগপুৰ, বাঙালীপাৰাকে ধৰি কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰিছে।
লগতে পঢ়কঃবনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন
ইতিমধ্যে বাঙালীপাৰৰ কেইবাস্থানটো গোৰেশ্বৰ-বগামাটী সংযোগী গঢ়কাপ্তানী পথৰ ওপৰেৰে পানী বাগৰি যাতায়ত ব্যাহত হৈ পৰিছে। বছৰটোৰ প্ৰথমটো বানত জলমগ্ন তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বাঙালীপাৰাৰ বিস্তীৰ্ণ অঞ্চল।