গোৰেশ্বৰঃ মানৱ জীৱনৰ গতি সলনি হ’লেও প্ৰকৃতিয়ে নিজৰ গতি সলনি কৰা নাই। প্ৰকৃতিৰ প্ৰতিটো ঋতুৰে থাকে স্বকীয়তা, প্ৰতিটো ঋতুৰ সৌন্দৰ্যৰে আছে সুকীয়া পৰিভাষা। নাচনী ব’হাগৰ বিষাদ পাহৰাবলৈ প্ৰকৃতিয়ে সংগোপনে কৰে বিশেষ আয়োজন। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। আকাশচুম্বী ৰঙ-বিৰঙী ফুলেৰে সজাই তুলিছে ধৰণী। মানৱ সমাজত মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ মাজতে প্ৰকৃতিয়ে মানুহৰ মাজলৈ আনিছে কিছু আশাব্যঞ্জক বতৰা।

গোৰেশ্বৰৰ আকাশৰ বুকু এতিয়া প্ৰকৃতিৰ নানা ৰং-বিৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। আকাশ সজাই ফুলা কৃষ্ণচূড়া,ৰাধাচূড়া, সোণাৰু, আজাৰৰ হেজাৰ হেজাৰ পাহীয়ে ৰঙীন কৰি তুলিছে ধৰাৰ বক্ষ। প্ৰকৃতিৰ ৰঙত মায়াময় হৈ পৰিছে গোৰেশ্বৰ।

লগতে পঢ়কঃঅনিল নগৰৰ নলাত সোমাল এজন লোক

ইফালে বাৰিষাৰ আৰম্ভণীৰ সেমেকা পৰিৱেশতো জিলিকিছে সোণাৰুৰ হালধীয়া হাঁহি। তলসৰা ফুলে যেন পাতি দিছে ৰঙৰ দলিচা। আকাশ সজোৱা ফুলবোৰে পুলকিত কৰি তুলিছে পথচাৰীৰ মন। কবিৰ কলমত প্ৰাণ পাই উঠিছে ন ন সৃষ্টিৰ আখৰা। যিয়ে দি যায় প্ৰতিকুলতা নেওচি মাথো জীৱনৰ প্ৰতিটো পলক উদযাপন কৰাৰ বতৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply