গোৰেশ্বৰঃ গোৰেশ্বৰৰ নাওকাটাত শুক্লাই চেৰফাং ইউ পি পি এল যুৱ শাখাৰ উদ্যোগত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ।

তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰয়াত প্ৰাক্তন বিধায়ক লেহোৰাম বড়োৰ স্মৃতিত ১৩ আৰু ১৪ চেপ্তেম্বৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে এই ফুটবল প্ৰতিযোগিতা ।

প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ এমচিএলএ ৰনেন্দ্ৰ নাৰ্জাৰীয়ে।

লগতে পঢ়কঃদক্ষিণ মাজুলীৰ ভেকেলি চাপৰিৰ কোমলিয়াত এটা মৃতদেহ উদ্ধাৰ

নাওকাটা খেলপথাৰত শুক্লাই চেৰফাংৰ ৮ টাকৈ VCDCৰ মাজত অনুষ্ঠিত হৈছে প্ৰতিযোগিতাখনি।

ৰাইজৰ বিপুল সঁহাৰিক শলাগ জনাইছে শুক্লাই চেৰফাং ব্লক ইউ পি পি এল যুৱ শাখা সা: সম্পাদক ইন্তাজুল আলমে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply