গোৰেশ্বৰঃ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিৱিৰ৷
মিছন সদভাৱনাৰ উদ্যোগত ৰঙিয়া আৰু তামুলপুৰ সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ সহযোগত অনুষ্ঠিত হোৱা এই বিনামূলীয়া চিকিৎসা শিবিৰত অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলাৰ লগতে পোহনীয়া জীৱ-জন্তুক চিকিৎসা প্ৰদান কৰা হয়।
লগতে পঢ়কঃ জামুগুৰিহাটৰ গেৰেকীচুকত লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা
সাৰথি হস্পিতালৰ সহযোগিতাত চলা উক্ত চিকিৎসা শিবিৰত আৰ্মীৰ চিকিৎসকৰ উপৰিও কেইবাগৰাকীয়ো চিকিৎসকৰ উপস্থিতিত ৰোগীক চিকিৎসা প্ৰদান কৰা হয়।
এই চিকিৎসা শিবিৰত গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কোকিলা গগৈয়ে উপস্থিত থাকে আৰু ৰাইজৰ সহাৰীৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰতীয় সেনাৰ ‘হৰ কাম দেশ কে নাম’ শ্লোগানেৰ এই শিবিৰৰ আয়োজন কৰা হয়।