গোৰেশ্বৰঃ গোৰেশ্বৰ আৰক্ষীৰ বৃহৎ সাফল্য। ৫০ কেজি গাঞ্জাসহ আটক দুজনকৈ গাঞ্জা ব্যৱসায়ী।
গোৰেশ্বৰ থানাৰ আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান। জব্দ কৰা গাঞ্জা খিনিৰ অনুমানিক মূল্য ৭ লাখ টকা।
আটকাধীন গাঞ্জা ব্যৱসায়ী কেইজন ক্ৰমে মহৰিপাৰাৰ কুশল কলিতা আৰু গোৰেশ্বৰৰ মংগল চ’কৰ নৰেশ্বৰ বসুমতাৰী বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃৰহস্য!এটা নিশাতেই একেলগে তিনিজনকৈ যুৱকৰ মৃত্যু
এনেধৰণৰ অভিযান আগলৈ অব্যাহত থাকিব বুলি গোৰেশ্বৰ আৰক্ষী বিষয়া মৃদুল হাজৰিকাই জানিবলৈ দিয়ে।