গোৰেশ্বৰঃগোৰেশ্বৰত এগৰাকী যুৱতীৰ ব্যাতিক্ৰমী প্ৰতিভা। পেলনীয়া প্লাষ্টিকৰ সামগ্ৰী পুনৰ ব্যৱহাৰ কৰি যুৱতীগৰাকীয়ে সাজি উলিয়াইছে ঘৰতে সজাই ৰাখিব পৰা বিভিন্ন ধৰণৰ সামগ্ৰী ।

গোৰেশ্বৰৰ মাধৱ চন্দ্ৰ বনিয়া আৰু দেৱতী ডেকাৰ কন্যা স্নেহা বনিয়াই যোৱা লকডাউনৰ পৰা একেৰাহে চলাই গৈছে শিল্প সাধনা । যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ঘৰৰ ড্ৰইং ৰুমত সজাই থব পৰা বিভিন্ন সামগ্ৰী।

পেলনীয়া প্লাষ্টিকৰ সামগ্ৰী, প্লাষ্টিকৰ বটল আদিৰ পৰা স্নেহাই নিৰ্মাণ কৰি উলিওৱা,ফুলদানি, জীৱ-জন্তু,ঘৰত সজাই ৰাখিব পৰা বিভিন্ন সামগ্ৰী আদি জীৱন্ত হৈ উঠিছে স্নেহাৰ হাতৰ পৰশত।

লগতে পঢ়কঃহোজাইৰ মোৰাঝাৰত তিনি কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ

বাইহাটা চাৰিআলিস্থিত ৰামানুজন একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী স্নেহা। সময় অপব্য়য় নকৰি স্নেহাই আজৰি সময়ত পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াই বিভিন্ন ধৰণৰ সামগ্ৰী।এইবোৰৰ উপৰিও স্নেহা পঢ়া-শুনাতো পাকৈত । স্নেহাৰ এনেধৰণৰ প্ৰতিভাত গৌৰৱান্বিত হৈছে পৰিয়ালৰ লোকসকলো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply