গোৰেশ্বৰঃ দুদিনীয়া কাৰ্যসূচীৰে গোৰেশ্বৰৰ বেতনা হাইস্কুলৰ সোণালী জয়ন্তী উদযাপন। সোণালী জয়ন্তীৰ কাৰ্যসূচীৰ মুকলি সভাত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।

”এটা সভ্যতা গঢ়ি উঠে শিক্ষাৰ ফলত। শিক্ষাই এটা শতিকা গঢ়ে। এতিয়া বিজ্ঞানৰ শতিকা, প্ৰযুক্তিবিদ্যাৰ শতিকা। য’তেই বিচাৰে ত’তেই শিক্ষা গ্ৰহণ কৰিব পৰা ব্যৱস্থাটো যদি কৰিব পৰা যায় তেতিয়াহ’লে সমাজত শিক্ষিত মানুহ বঢ়াই ল’ব পাৰিম। আমি আটাইয়ে ধাৰণা কৰো যে যি জনে মহাবিদ্যালয় -বিশ্ববিদ্যালয়ত গৈ শিক্ষা গ্ৰহণ কৰি ওলাই আহে তেওঁকে শিক্ষিত বুলি ধৰি লওঁ ৷এজন মানুহে শিক্ষাগ্ৰহণ কৰাৰ লগে লগে তেওঁ নিজকে স্বম্ভালিব পৰা হ’ব লাগিব। অকল পাঠ্যপুথিৰ জ্ঞান ল’লেই নহ’ব। শিক্ষা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীয়ে নিজকে চিনি পাব লাগিব ৷ ”এই মন্তব্য বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ।


বেতনা হাইস্কুলৰ প্ৰতিস্থাপক প্ৰধান তথা অৱসৰী প্ৰধান শিক্ষক অমীন্দ্ৰ নাথৰ পৰিচালনাত অনুষ্ঠিত সভাত নিদিষ্ট ভাষণত কটন বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰী অধ্যাপক ডঃ সুধেন্দু মোহন ভদ্ৰ উপস্থিত থাকে।

উক্ত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা পাতিদৰং কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ জগত চন্দ্ৰ বৰাই মুকলি সভা উদ্বোধন কৰে। সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই আনন্দ চন্দ্ৰ বড়োৱে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এম চি এল এ পবিত্ৰ কুমাৰ বড়ো, মফিদুল হকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply