গোৰেশ্বৰঃ সমাজত সদায় অৱহেলিত অনাদৃত এগৰাকী প্ৰতিবন্ধী যুৱতী। নিজকে সমাজত আন সাধাৰণ মানুহৰ দৰে খোজ মিলাই জীয়াই থাকিব খোজে। মনত পুহি ৰাখিছে অদম্য হেঁপাহ। সেই হেপাঁহৰ বাবেই জীৱনৰ সৈতে সংগ্ৰাম কৰি শাৰীৰিক, মানসিক, সামাজিক নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জাবাংপাৰ গাঁৱৰ প্ৰয়াত ফুকন বেজবৰুৱা আৰু কল্পনা বেজবৰুৱাৰ কন্যা সন্তান সুস্মিতা বেজবৰুৱাই নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
নাওকাটা নিজঝাৰগাঁৱস্থিত ঈৰদাৰ উদ্যোগত স্নাতক ডিগ্ৰী ও লাভ কৰিছে সুস্মিতাই। সুস্মিতাৰ হাতৰ পৰশত সজীৱ হৈ পৰিছে মহিলাৰ নানান ধৰণৰ বাঁহ-বেতৰ অলংকাৰ। বহু প্ৰতিভাধাৰী সুস্মিতাই ভাল ছবি ও অংকন কৰিব পাৰে। বাঁহ-বেতৰে নিৰ্মিত সুস্মিতাৰ হাতৰ পৰশত জিলিকি উঠিছে কাণফুলি, গহণাকে আদি কৰি কেইবাবিধো মহিলাৰ আ-অলংকাৰ। কিন্তু আজিলৈ কোনো স্থানীয় বিধায়ক নতুবা জনপ্ৰতিনিধিৰ সহায় লাভ কৰা নাই সুস্মিতাই।
অনাগত দিনত কাৰোবাৰ সহায় পালে আৰু আগুৱাই যাব পাৰিব বুলি আশা প্ৰকাশ কৰিছে এইগৰাকী বিশেষ ভাৱে সক্ষম যুৱতী সুস্মিতাৰ মাতৃয়ে।