গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এগৰাকী কৰ্মচাৰীক প্ৰহাৰৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী জিআৰএছ (গ্ৰাম ৰোজগাৰ সেৱক) নয়নমণি মহন্তক বিজেপিৰ দলৰ এগৰাকী নেতা তথা টিচিএলচিচিৰ উপাধ্যক্ষ দয়াল ডেকা আৰু বাঘডোবা ভিচিডিচিৰ সদস্য বিপুল ডেকাই শাৰীৰিক ভাৱে প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।ইয়াকে লৈ উত্তপ্ত হৈ পৰে কাৰ্যালয়টোৰ পৰিস্থিতি।

উল্লেখ্য ২০১৮-১৯ বৰ্ষৰ এমএনৰেগাৰ অধীনৰ পুঠিমাৰী নৈৰ হাৰিজোৰা গাঁৱৰ এটি মথাউৰি মেৰামতি কামৰ বাবদ লাভ কৰিব লগীয়া ধন খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে মোকোলাই নিদিয়াৰ অভিযোগত বাক-বিতণ্ডা হয় দুয়ো পক্ষৰ মাজত।

লগতে পঢ়কঃপুনৰ আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত জব্দ নিচাজাতীয় সামগ্ৰী

নয়নমণি মহন্তই অভিযোগ কৰা মতে দুয়ো গৰাকীয়ে মথাউৰিৰ কাম সমাপ্ত নকৰাকৈ অনাদায় ধন মোকলাই দিবৰ বাবে হেঁচা দিছিল কৰ্মচাৰীজনক।

তাৰ পিছত কাৰ্যালয় চৌহদতে বিজেপিৰ দুয়োজন নেতা-কৰ্মীয়ে প্ৰহাৰ কৰে নয়নমণি মহন্তক। এই ঘটনাৰ পিছতে কাৰ্যালয়টোৰ সমূহ কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰি কাৰ্যালয় প্ৰাঙ্গনত অৱস্থান ধৰ্মঘট পালন কৰে।

কৰ্মচাৰীসকলে এই ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰশাসনৰ ওচৰত দাবী জনাইছে। আনহাতে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে কামখিনি সমাপ্ত হোৱা বুলিও উল্লেখ কৰে। কাম সমাপ্ত হোৱাৰ পিছটো টকা মোকলাই নিদিয়া কাৰ্যটোত সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply