গোৰেশ্বৰঃ বাক্সাৰ গোৰেশ্বৰত ২ সন্তানৰ পিতৃয়ে পলুৱাই লৈ গ’ল নাবালিকাক।
গোৰেশ্বৰ ৰাজহ চক্ৰৰ শিমিলা গাঁওৰ নিবাসী মুকুল হুছেইন ওৰফে মিথুনে বহু দিন ধৰি এগৰাকী নাবালিকাৰ লগত অবৈধ সম্পৰ্ক ৰাখি নিজৰ পত্নীক অত্যাচাৰ কৰি আহিছিল।
আনকি যৌতুকৰ বাবে মিঠুনে অত্যাচাৰ চলায় আহিছিল নিজৰ পত্নীক। ইফালে হঠাৎ মুকুল হুছেইনে নাবালিকা গৰাকীক পলুৱাই লৈ যায়।
লগতে পঢ়কঃবৰপেটাত বিদ্যুৎ বিভাগৰ ২১ লাখ টকা কেনেকৈ হেৰাল
মুকুল হুছেইনৰ পত্নী ৰৌচনাৰা বেগমে তেওঁৰ ওপৰত যৌতুকৰ বাবে হোৱা অত্যাচাৰৰ বাবে মুকুলৰ বিৰুদ্ধে গোৰেশ্বৰ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি প্ৰশাসনক উচিত বিচাৰ কৰিব অনুৰোধ জনায় ।
ইতিমধ্যে নাবালিকা গৰাকীৰ পৰিয়ালৰ ফালৰ পৰা পৰাও মুকুল হুছেইনৰ ওপৰত এজাহাৰ দিয়া বুলি জানিব পৰা গৈছে।