গোৰেশ্বৰঃ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হৈছে Commonwealth Parliament Associationৰ অষ্টম খণ্ডৰ ভাৰতীয় খণ্ডৰ কনফাৰেন্স। উক্ত কনফাৰেন্সত ৪৬ খন দেশৰ বিধায়ক, সাংসদ আৰু কাৰ্যনিৰ্বাহক সদস্যই অংশগ্ৰহণ কৰে।
উক্ত প্ৰতিনিধিসকলক বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তামুলপুৰ জিলা আৰু ওদালগুৰি জিলাৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰোৱাৰ লগতে অসমীয়াৰ বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শন কৰে।
বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত অহা বিদেশী প্ৰতিনিধিৰ দলটোৱে অসমীয়া বিহু নৃত্যৰ লগতে বড়ো জনগোষ্ঠীৰ খেৰাই নৃত্যৰ লগতে শৰণীয়া কছাৰী সকলৰ মাছমৰা নৃত্য উপভোগ কৰি আপ্লুত হয়।ইয়াৰ পিছতে বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিনিধি সকলক চাহ বাগান দেখুৱাবলৈ লৈ যায়।
লগতে পঢ়কঃজুৰীয়াৰ গাঁও পঞ্চায়তত মাৰপিট; আহত পঞ্চায়ত সভানেত্ৰীৰ শশুৰ