গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ভোগপুৰস্থিত আজানপীৰ ভৱনত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।
গোৰেশ্বৰ আঞ্চলিক মুছলিম মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অঞ্চলটোৰ বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকীও সত্তোৰোধৰ নাৰীক সম্বৰ্ধনা জনোৱা হয়।
লগতে পঢ়কঃমঙলদৈত শোকাৱহ দুৰ্ঘটনাঃ থিতাতে নিহত এজন
অনুষ্ঠানটোত অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যাক্তিৰ লগতে শতাধিক নাৰী উপস্থিত থাকে। নাৰী দিৱসৰ লগত সংগতি ৰাখি নাৰীসকলৰ মাজত এক প্ৰতিযোগিতাও ৰখা হৈছে বুলি উল্লেখ কৰে গোৰেশ্বৰ আঞ্চলিক মুছলিম মহিলা সমিতিৰ সম্পাদিকা ভূমিতা চৌধুৰীয়ে।