গোৰেশ্বৰঃ শুক্লাই চেৰফাং গোৰেশ্বৰ জলসিঞ্চন সংমণ্ডলত একাংশ বিষয়া কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতা।

ৰহস্যজনক কাৰণত ৮৩৫, ৮৯৯ নম্বৰৰ দুখন গুৰুত্বপূৰ্ণ “মেজাৰমেন্ট বুক” কাৰ্যালয়টোৰ পৰা সন্ধানহীন।

এই সংক্ৰান্তত বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক বাধা প্ৰদান কৰে একাংশ কৰ্মচাৰীয়ে।

“মেজাৰমেন্ট বুক” সন্ধানহীন হোৱাৰ ফলত তিনিজনকৈ ঠিকাদাৰৰ কামৰ বিল প্ৰস্তুত কৰিব পৰা নাই সংশ্লিষ্ট বিষয়াই ফলত কাম সম্পূৰ্ণ কৰাৰ পাছতো বিল পাবলৈ সক্ষম হোৱা নাই ঠিকাদাৰে।

লগতে পঢ়কঃটীয়কত অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ৩৫ সংখ্যক অধিবেশন

যোৱা বছৰৰ ছেপ্তেম্বৰ মাহতে সন্ধানহীন হোৱা বুক দুখন বিচাৰি নাপায় অৱশেষত বৰ্তমানৰ কাৰ্যবাহী অভিযন্তা গৰাকীয়ে যোৱা ৫ ফেব্ৰুৱাৰী তাৰিখে গোৰেশ্বৰ আৰক্ষী থানাত “মেজাৰমেন্ট বুক” হেৰুৱা বুলি ৰিপৰ্ট দিয়াৰ পাছতো উদ্ধাৰ নোহোৱাত সন্দেহৰ আৱৰ্তত সোমায় পৰিছে একাংশ বিষয়া কৰ্মচাৰী।

যিহেতু বৰ্তমানৰ কাৰ্য্যবাহী অভিযন্তা গৰাকী নতুনকৈ ডেৰ মাহ পূৰ্বে কাৰ্যালয়টোলৈ আহিছে সেয়েহে তেওঁৰ অজ্ঞাতে পূৰ্বে কেনেকৈ গুৰুত্বপূৰ্ণ বুক দুখন নোহোৱা হ’ল তেওঁ অৱগত নহয় বুলি মন্তব্য কৰে। এতিয়া কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ কাণ্ডত বিমোৰত পৰিছে ঠিকাদাৰ। কি কাৰণত বুক দুখন সন্ধানহীন হল সেয়া হৈ পৰিছে ৰহস্যজনক?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply