গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোগপুৰ গাঁৱৰ এগৰাকী নাবালিকাক ২ আগষ্টত দিন দুপৰতে অপহৰণ কৰি লৈ যোৱা বুলি অভিযোগ তুলি পৰিয়াল বৰ্গই গোৰেশ্বৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে অপহৰণকাৰীক বিচাৰি অভিযান চলাইছে যদিও এই পৰ্যন্ত কোনো শুংসুত্ৰ উলিয়াব পৰা নাই।
নাবালিকা গৰাকীৰ মাত়ৃয়ে সংবাদ মাধ্যম তথা এজাহাৰত উল্লেখ কৰা মতে ২ আগষ্টৰ দিনা আনুমানিক ১০ টা মান বজাত তেওঁৰ কনিষ্ঠ কন্যা গৰাকীয়ে চুবুৰীতে থকা এখন দোকানত খোৱা বস্তু আনিবৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ সময়তে এখন চাৰি চকীয়া বাহনে নাবালিকা গৰাকীক বল পূৰ্বকভাবে গাড়ীত উঠাই লৈ যায়।
লগতে পঢ়কঃঅসমৰ ব্যৱসায়িক ধন দাবী নগা উগ্ৰপন্থী সংগঠন এনএছচিএনৰ
অপহৃতা নাবালিকা গৰাকীৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি মুকুল হুচেইন ওৰফে মিঠুন নামৰ ব্যক্তিজনে অপহৰণ কাণ্ডটো সংঘটিত কৰিছে।
উক্ত চাৰিচকীয়া বাহনখনত গোৰেশ্বৰৰ শিমিলা গাঁৱৰ মুকুল হুচেইন ওৰফে মিঠুনক স্থানীয় লোকে প্ৰত্যক্ষ কৰি নাবালিকা গৰাকীৰ পৰিয়ালক অৱগত কৰে। উল্লেখ্য যে ২টা সন্তানৰ পিতৃ মিঠুনৰ বিৰুদ্ধেও পত্নীয়ে থানাত এজাহাৰ দাখিল কৰিছে ।