গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ২নং ৱাৰ্ডৰ ৰূপনগৰ দ্বীজেন্দ্ৰ পথ নিবাসী দিবাকৰ ডেকাৰ পুত্ৰ মনোজ কুমাৰ ডেকা আবদ্ধ হৈ আছিল ইউক্ৰেইনত। মনোজ কুমাৰ ডেকা ইউক্ৰেইনৰ খাৰকিৱ ইউনিভাৰ্ছিটিৰ এমবিবিএছৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ।

কেনেদৰে ইউক্ৰেইনৰ খাৰকিভ মেডিকেল কলেজৰ হোষ্টেলৰ মাটিৰ তলত থকা বাংকাৰাত আবদ্ধ হৈ আছিল মনোজে সবিশেষ বৰ্ণনা কৰিলে সাংবাদিকৰ সন্মুখত।

”বাংকাৰত থাকিলে অলপ অলপ বোমাৰ শব্দ শুনিবলৈ পায় কিন্তু বোমা ফুটিলে যিটো পোহৰ সেইটো দেখিবলৈ নাপায়। খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কাৰ্ফিউ আছিল গতিকে খাদ্যও ভালদৰে যোগান ধৰিব পৰা নাছিল।”

লগতে পঢ়কঃইউক্ৰেইনৰ বন্ধুক লগত লৈ গুৱাহাটীত উপস্থিত হ’ল এগৰাকী শিক্ষাৰ্থী

ভাৰতীয় পতাকাৰ জৰিয়তে ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলৰ লগতে আন আন দেশৰ ছাত্ৰ ছাত্ৰী সকলে কেনেদৰে জীৱন ৰক্ষা পাবলৈ সক্ষম হৈছিল তাৰ সবিশেষ বৰ্ণনা কৰিলে মনোজে, ”অৱশেষত চাৰিওফালে যুদ্ধবিধ্বস্ত পৰিৱেশৰ মাজত খাৰকিৱ চহৰৰ মাজেৰে নিজৰ মনত সাহস গোটাই খোজকাঢ়ি ৰোমানিয়া বৰ্ডাৰত উপস্থিত হোৱাৰ পাছত চাৰি-পাঁচখন মিনি বাছেৰে আমাক লৈ গৈ এটা নিৰাপদ স্থানত নিশাটো কটোৱাৰ বাবে ৰাখিছিল। তাৰ পাছত পিছদিনা পুৱা ফ্লাইটযোগে প্ৰথম ইনস্তানবুল , তাৰপিছত আহি দিল্লীত উপস্থিত হৈছিলো। ”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply