গোৰেশ্বৰঃ ইউক্ৰেইনত আবদ্ধ হৈ আছে গোৰেশ্বৰৰ মনোজ কুমাৰ ডেকা। মনোজ কুমাৰ ডেকা ইউক্ৰেইনৰ খাৰকিভ ইউনিভাৰ্ছিটিৰ এমবিবিএছৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ।

এতিয়াও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ব্যৱস্থা কৰি দিয়া বাংকাৰতে আবদ্ধ হৈ থাকিব লগীয়া হৈছে গোৰেশ্বৰৰ ছাত্ৰজন।

মনোজ কুমাৰ ডেকা তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ২নং ৱাৰ্ডৰ ৰূপনগৰ দ্বীজেন্দ্ৰ পথ নিবাসী দিবাকৰ ডেকাৰ পুত্ৰ। পিতৃ সৈন্য বাহিনীত কৰ্মসূত্ৰে বৰ্তমান আছে কাশ্মীৰত।

বৰ্তমান মাতৃ আৰু ভাতৃ চিন্তিত হৈ পৰিছে মনোজ কুমাৰ ডেকাৰ সুৰক্ষাক লৈ। তামুলপুৰৰ উপায়ুক্ত সীমান্ত কুমাৰ দাস আৰু ৰাজহ চক্ৰ বিষয়া কোকিলা গগৈয়ে মনোজৰ ঘৰলৈ আহি মাতৃৰ কাষত থিয় হৈ আশ্বাস দিয়ে। তেওঁলোকে মনোজক উভতাই অনিবলৈ চেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰে।

লগতে পঢ়কঃইউক্ৰেইনৰ খাৰ্কিভ চহৰ ৰাচিয়ান সেনাৰ দখলত

ইউক্ৰেনৰ খাৰকিভ মেডিকেল কলেজৰ হোষ্টেলৰ মাটিৰ তলত থকা বাংকাৰত এতিয়াও আশ্ৰয় লৈ আছে ছাত্ৰজনে। সেনা বাহিনীত কৰ্মৰত মনোজ কুমাৰ ডেকাৰ পিতৃ দিবাকৰ ডেকাই পুত্ৰক উভতাই আনিবলৈ কাশ্মীৰৰপৰা চৰকাৰলৈ যোগাযোগ কৰিছে ৷
আনহাতে গোৰেশ্বৰ আন এগৰাকী যুৱতী স্নেহা ডেকা ৰেলগাড়ী যোগে ইউক্ৰেইনৰ সীমা অতিক্ৰম কৰি আতৰি অহা কথা ব্যক্ত কৰে তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাসে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply